গুস্টাভ ক্লিম্টৰ পৰ্ট্ৰেইটৰ ২৩৬ মিলিয়ন ডলাৰৰ বিক্ৰী আধুনিক শিল্পৰ রেকৰ্ড ভঙালে



logo : | Updated On: 20-Nov-2025 @ 12:34 pm
SHARE 

গুস্টাভ ক্লিম্টৰ প’ৰ্ট্ৰেইট অৱ এলিজাবেথ লেডাৰাৰ নামৰ পৰ্ট্ৰেইটখন ২০ মিনিটৰ বিডিং ওৰি পৰাৰ পিছত ন নিউ ইয়ৰ্কৰ ছ’থেবিজত ২৩৬.৪ মিলিয়ন ডলাৰত বিক্ৰী হৈ আধুনিক শিল্পৰ সকলোতকৈ দামী কৃতিৰ নতুন ৰেকৰ্ড গঢ়িছে। ১৯১৪-১৯১৬ চনৰ ভিতৰত অংকিত এই ৬ ফুট উচ্চতাৰ ছবি ভিয়েনাৰ এটা ধনী পৰিয়ালৰ কন্যা এলিজাবেথ লেডাৰাক চিত্ৰিত কৰিছে। দ্বিতীয় মহাযুদ্ধৰ সময়ত, নাৎসী অত্যাচাৰৰ পৰা বাচি থাকিবলৈ লেডাৰাই মিছা কৈ ক্লিম্ট তেওঁৰ পিতা বুলি দাবী কৰিছিল, যাৰ ফলত তেওঁৰ প্ৰাণ ৰক্ষা পায়। লেডাৰাৰ শিল্পসংগ্ৰহৰ বহু অংশ লুট বা ধ্বংস হ’লেও এই চিত্ৰখন অক্ষত থাকিল। কিনুভগীয়াজনক চ’থেবিজে প্ৰকাশ কৰা নাই। এই বিক্ৰীয়ে ২০২২ চনত এণ্ডি ৱাৰহ’লৰ মেৰিলিন মনৰোৰ প’ৰ্ট্ৰেইটৰ ১৯৫ মিলিয়ন ডলাৰৰ ৰেকৰ্ডক অতিক্ৰম কৰিছে।




Read more Translate in English


Comments


Contact Us

House. No. : 163, Second Floor Haridev Rd, near Puberun Path, Hatigaon,
Guwahati, Assam 781038.

E-mail : assaminkcontact@gmail.com

Contact : +91 8811887662

Enquiry




×

Reporter Login


×

Reporter Registration


To the top
© AssamInk, 2021 | Powered by Prism Infosys