:
| Updated On: 20-Nov-2025 @ 1:23 pm
নাগা ছাত্ৰ সঘঁ (NSF)-এ নগালেণ্ডৰ দুটা অতি গুৰুত্বপূর্ণ প্ৰৱেশদ্বাৰ—ডিমাপুৰ বিমানবন্দৰ আৰু ডিমাপুৰ ৰেলৱে ষ্টেচন—ত তৎক্ষণাত Inner Line Permit (ILP) চেকপইণ্ট স্থাপনৰ জৰুৰী দাবি জনাইছে। NSF-এ কৈছে যে এই দুটা স্থানত যথাযথ ILP নজৰদাৰী নাথাকাকাৰণে ৰাজ্যৰ প্ৰৱেশ-নিয়ন্ত্ৰণ ব্যৱস্থাত গুৰুত্বপূর্ণ ফাঁক সৃষ্টি হৈছে, যাৰ ফলত অ-আদিবাসী, বিশেষকৈ অনিয়ন্ত্ৰিতভাৱে প্ৰৱেশ কৰা অবৈধ অভিবাসীসকলৰ সংখ্যা দ্রুত বৃদ্ধি পাইছে।
এই দাবি নৱেম্বৰ ১৯ তাৰিখে কোহিমাস্থিত APO Oking-ত অনুষ্ঠিত এটা সমন্বয় বৈঠকত উত্থাপন কৰা হৈছিল। এই বৈঠকত NSF, Angami Public Organization (APO) আৰু ইয়াৰ যুক্তসংগঠনসমূহ উপস্থিত আছিল। NSF সভাপতি ম্তেইছুদিঙে উল্লেখ কৰে যে ILP বলবৎকৰণ কেৱল এটা প্রশাসনিক দায়িত্ব নহয়, ই নাগা জনগোষ্ঠীৰ অধিকার, ভূমি আৰু ভবিষ্যৎ সুৰক্ষাৰ সৈতে জড়িত এটা ঐতিহাসিক আৰু নৈতিক দায়িত্ব। তেওঁ জোৰ দি কয় যে বিশেষকৈ নগা ভূমিৰ মূল প্ৰৱেশদ্বাৰসমূহত কঠোৰ নিয়ন্ত্ৰণ নোহোৱাত Naga জনগোষ্ঠীৰ স্থিতি বিপদজনক দিশলৈ আগুৱাই গৈছে।
Inner Line Regulation Committee (ILRC)-ৰ সভাপতি NSN লথাই বৈঠকত নগালেণ্ড চৰকাৰৰ বাবে বিস্তৃত সুপারিশসমূহ আগবঢ়াই কয় যে ডিমাপুৰ বিমানবন্দৰ আৰু ৰেলৱে ষ্টেচন বর্তমানে অ-আদিবাসীসকলৰ প্ৰধান আৰু অনিয়ন্ত্রিত প্ৰৱেশদ্বাৰ হৈ পৰিছে। সঠিক চেকপইণ্ট নোহোৱাত ILP-ৰ মূল উদ্দেশ্যহে বিপন্ন হৈছে বুলি তেওঁ মন্তব্য কৰে।
বৈঠকত Angami Women Organization (AWO) আৰু Angami Students' Union (ASU)-ৰ নেতৃত্বও উপস্থিত আছিল আৰু তেওঁলোকে বঢ়োৱা ILP প্ৰয়োগক পূৰ্ণ সমৰ্থন জনায়। সংগঠনসমূহে কয় যে ILP ব্যৱস্থা নাগা জনগোষ্ঠীৰ সংস্কৃতি, পৰিচয় আৰু জৈৱিক সুৰক্ষা ৰক্ষাৰ বাবে অত্যন্ত প্ৰয়োজনীয়।
APO সভাপতি থেজা-অ ভিহিয়েনো বৈঠকত জানিবলৈ দিয়ে যে সংগঠনে ইতিমধ্যে ILP Core Committee গঠন কৰিছে যাতে ILP সম্পৃক্ত সমস্যাবোৰ সুসংবদ্ধভাৱে সমাধান কৰিব পৰা যায়। যদিও তেওঁ জোৰ দিয়ে যে সংকটৰ মূল সমাধানৰ বাবে যুৱ শক্তিক শক্তিশালী কৰা আৰু টেকসই উপাৰ্জনৰ সুযোগ সৃষ্টি কৰাটো সমান গুৰুত্বপূর্ণ। ইয়াৰ মাধ্যমেৰে বহিরাগত মজদুৰৰ ওপৰত নিৰ্ভৰশীলতা কমাব পৰা যায় বুলি তেওঁ মন্তব্য কৰে।
Angami Students' Union সভাপতি দিযেজেভিছিয়ে নাখ্ৰোৱে NSF-ৰ সক্ৰিয় পদক্ষেপৰ প্রশংসা কৰি কয় যে ASU সদায় আদিবাসী পৰিচয় আৰু সুৰক্ষা ৰক্ষাৰ দিশত প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে সকলো নাগা সংগঠনে একতাবদ্ধভাৱে আগুৱাই অহাটোৱেই এই সংকটত গুৰুত্বপূর্ণ।
ILRC-ৰ K Andrew Yhome-এ সভাপতিত্ব কৰা এই সমন্বয় বৈঠকত সকলো সংগঠনে নগালেণ্ডত ILP বলবৎকৰণ আরওৰ শক্তিশালী কৰিবলৈ একেলগে কাম কৰাৰ সঙ্কল্প ব্যক্ত কৰে।
NSF-ৰ এই অভিযান বৰ্তমান সময়ত বিশেষ গুৰুত্বপূর্ণ হৈ উঠিছে, কিয়নো সংগঠনে নাগা ভূমিত অবৈধ অভিবাসীৰ অনিয়ন্ত্রিত প্ৰৱেশ বৃদ্ধি হওতাৰ গুৰুত্বপূর্ণ সতর্কতা উচ্চাৰণ কৰিছে। মূল প্ৰৱেশদ্বাৰত কঠোৰ ILP আৰু আধুনিক নজৰদাৰী ব্যৱস্থা নাথাকিলে আগামী দিনত নাগালেণ্ডে জনসংখ্যাগত, সংস্কৃতিক আৰু সুৰক্ষাগত গুৰুত্বপূর্ণ চেলেঞ্জৰ সন্মুখীন হ'ব বুলি NSF-এ সতর্ক কৰিছে।